ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল: অমিত শ্বাহ

দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বার্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্রীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্ষুন্ন থাকিব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে।