ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্রী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালে প্রতি মাহে ৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ’ব। পৰৱৰ্তী পৰ্যায়ত ২০২৬ চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।
মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰে যোৱা ৫ বছৰত পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সকলো কাম কৰি গৈছে বুলি উল্লেখ কৰি দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানীসকলক প্রতি কিলো দাইল, চেনি আৰু নিমখৰ বিপৰীতে দুটকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰি ৰাইজৰ পৰা তেওঁলোকক অতিৰিক্ত ধন নল’বলৈ আহ্বান জনায়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু চৰকাৰী শীৰ্ষ বিষয়া উপস্থিত থাকে।
ৰাজ্যৰ অন্যান্য জিলাতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ ৯৮৬ খন সুলভ মূল্যৰ দোকানত এই আঁচনি উদ্বোধন কৰা হয়। মৰিগাঁও জিলাত আজি ১,০৮৮ খন সুলভ মূল্যৰ দোকানত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। জাগীৰোড সমষ্টিৰ শিলচাং সমবায় সমিতিত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্রী পীযুষ হাজৰিকা উপস্থিত থাকে। ওদালগুৰি জিলাতো আজি বি টি চিৰ পাৰিষদ অৰ্জুন দৈমাৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বাক্সা জিলাৰ ৪৬০ খন সুলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী লাভ কৰা ১ লাখ ১৭ হাজাৰৰো অধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ বাবে আজি এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। তামুলপুৰতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ আজি শুভাৰম্ভ কৰা হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। ইয়াৰ অধীনত জিলাখনৰ ৩৮৩ খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৯৭ হাজাৰ ৯১৭ টা পৰিয়াল উপকৃত হ’ব।