February 4, 2025 8:15 PM | National Sports

printer

ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ বক্সিঙত লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেলত প্ৰৱেশ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্রাম শাখাত অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰিছে। একেদৰে পুৰুষৰ ৭১ কিলোগ্রাম শাখাত অসমৰ নৱাগত বক্সাৰ অভিনৱ শ‍ইকীয়াইয়ো ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। আজি কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-২ ব্যৱধানত পৰাজিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।