ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 6, 2025 12:18 PM | 38th National Games

printer

ৰাষ্ট্ৰীয় ক্রীড়াত নৱম দিনলৈকে অসমৰ ২০টা পদক লাভ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ নৱম দিনপর্যন্ত অসমৰ পদকৰ সংখ্যা ২০লৈ বৃদ্ধি হৈছে। ল’ৰা-ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাত নৱাগত লনবল খেলুৱৈ বিতু দাস, সুৰঞ্জনা বৰুৱাৰ লগতে পুৰুষৰ ডাবলছত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ৰূপৰ পদক লাভ কৰে। লনবলৰ বাকী থকা ৪টা ইভেণ্টৰ খেল আজি অনুষ্ঠিত হ’ব। কালি অসমৰ চাৰিগৰাকী বক্সাৰে নিজৰ নিজৰ ইভেণ্টত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ প্ৰতিদ্বন্দ্বীক ৫-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আন এগৰাকী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়েও নিজৰ বক্সিং ইভেণ্টত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বক্সাৰ অংকুশিতা বড়োৱে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক ৫-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে মহিলা বক্সাৰ আইকন মিলিয়ে দিল্লীৰ প্ৰতিদ্বন্দ্বীক ৫-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে।