সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টীয়কৰ আধাৰসত্ৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয়।
মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্ৰাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলা প্ৰাদেশিকীকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই শিক্ষক দিৱস উপলক্ষে জিলাখনৰ ২৩ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক আঞ্চলিক সমিতিৰ সহযোগত সম্বৰ্ধনা জ্ঞাপন কৰে। গোৱালপাৰা চহৰত নটসূৰ্য্য ফণী শৰ্মা ভৱনত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা বাচনি কৰা ২৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী ভৱনত আয়োজিত কাৰ্যসূচীত জিলাখনৰ ২৫ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।
শিক্ষক দিৱস উপলক্ষে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিয়ে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ ৩৭ গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান কৰে।
ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজী, যোৰহাট, গোলাঘাট আদিকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়।
ইপিনে শিক্ষক দিৱসৰ দিনটোতে আজি সদৌ অসম অপ্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাই কেইবা দফীয়া দাবীৰে লতাশিল খেলপথাৰত অৱস্থান ধৰ্মঘট কৰে। শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।