উচ্চ শিক্ষা সচিব সঞ্জয় মূৰ্তিয়ে কালি ৰাষ্ট্ৰীয় উচ্চ শিক্ষা শিক্ষক বঁটাৰ মনোনয়নৰ বাবে এটা পোৰ্টেল মুকলি কৰে। দেশৰ কাৰিকৰী আৰু অ-কাৰিকৰী উচ্চ শিক্ষা প্রতিষ্ঠান আৰু পলিটেকনিক প্রতিষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰীক এই বঁটা প্ৰদান কৰা হয়। শিক্ষা মন্ত্রালয়ে কৈছে যে বাছনিপ্রাপ্ত বঁটা প্ৰাপকসকলক প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা এই বঁটাৰে সন্মানিত কৰা হ’ব। মন্ত্রালয়ে কৈছে যে এই বঁটাৰ বাবে নাম মনোনয়ন কৰাৰ বাবে স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ত কমেও পাঁচ বছৰৰ পূৰ্ণকালীন শিক্ষাৰ অভিজ্ঞতা থাকিব লাগিব। নাম মনোনয়নৰ বাবে ২০ জুন অন্তিম দিন ধার্য কৰা হৈছে।
Site Admin | May 22, 2024 9:59 AM | Portal Launch
ৰাষ্ট্ৰীয় উচ্চ শিক্ষা শিক্ষক বঁটাৰ মনোনয়নৰ বাবে পোৰ্টেল মুকলি
