ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 24, 2024 11:42 AM | PM Meet

printer

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ আপাহতে প্ৰধানমন্ত্ৰীৰ বিভিন্ন ৰাষ্ট্ৰনেতাৰে বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আয়োজিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ আপাহতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ আর্মেনিয়াৰ প্ৰধানমন্ত্রী নিকোল পাছিনিয়ানকো সাক্ষাৎ কৰে। শ্রীমোদীয়ে ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’লামৰ সৈতেও দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উপায়সমূহৰ আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈও মত বিনিময় কৰে। নেতা দুগৰাকীয়ে উভয় দেশৰ মাজৰ সভ্যতা আৰু সংস্কৃতিৰ গভীৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে চলিত মাহৰ আৰম্ভণিতে য়াগী ঘূর্ণিবতাহৰ ফলত হোৱা লোকচান আৰু ক্ষতিৰ বাবে ভিয়েটনামৰ প্ৰতি পুনৰবাৰ সহানুভূতি প্রকাশ কৰে। ইপিনে অপাৰেচন সদভাৱৰ অধীনত ভাৰতে দেশখনলৈ জৰুৰীকালীন মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সময়মতে যোগান ধৰাৰ বাবে ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে।