ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন

মহাত্মা গান্ধীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই কালি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুট্টাৰেছে কয় যে ইউক্রেইনৰ পৰা ছুডান, পশ্চিম এছিয়াকে ধৰি বিভিন্ন ধ্বংসাত্মক কার্যকলাপৰ মাজতে এই দিৱস পালন কৰা হয়। তেওঁ কয় যে মহাত্মা গান্ধীয়ে অস্ত্ৰ-শস্ত্ৰৰ ক্ষমতাৰ বিপৰীতে মানৱতাৰ বাবে অহিংসাই পৰম ধৰ্ম বুলি বিশ্বাস কৰিছিল। ৰাষ্ট্ৰসংঘৰ সূচী আৰু গান্ধীৰ মতাদৰ্শ সন্দৰ্ভত আয়োজন কৰা বৈঠকত সাধাৰণ সভাৰ সভাপতি ফিল’মেন য়াঙে কয় গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাই দক্ষিণ আফ্ৰিকাত নেলচন মেণ্ডেলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মাৰ্টিন লুথাৰকিং জুনিয়ৰক প্ৰভাৱিত কৰিছিল। তেওঁলোকে গান্ধীজীৰ সত্যাগ্ৰহৰ শিকনিসমূহে সত্য আৰু ন্যায়ক প্ৰভাৱিত কৰিছিল বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে মহাত্মা গান্ধীয়ে ধৰ্মৰ পৰা শক্তি, বল প্রয়োগ কৰি নহয়, সত্যৰ পৰা ক্ষমতা আৰু দমনৰ জৰিয়তে নহয়, নৈতিক সাহসৰ জৰিয়তে বিজয় সাব্যস্ত কৰিব পৰাৰ বিশ্বাসৰ কথাই ভাৰতক প্ৰতিফলিত কৰে বুলি অৱগত কৰে। শ্ৰীলংকা, ভিয়েটনাম আৰু জামাইকাকে ধৰি ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিসকলে মহাত্মা গান্ধীৰ অৱদানৰ কথা সোঁৱৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মহাত্মা গান্ধীৰ জয়ন্তীত আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে ঘোষণা কৰি শিক্ষা আৰু ৰাজহুৱা সজাগতাৰ জৰিয়তে অহিংসাক প্রতিষ্ঠিত কৰিব পৰা যায় বুলি অৱগত কৰে।