ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰসংঘৰ অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনা মুৰব্বীসকলৰ সন্মিলনত ভাগ লোৱা সেনাবাহিনীৰ মুৰব্বী আৰু উপ-মুৰব্বীসকলক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে সন্মিলনত অংশ লোৱা প্রতিনিধিসকলক আদৰণি জনায় আৰু বিশ্বশান্তি তথা সুস্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানৰ মাধ্যমেৰে আগবঢ়োৱা অৱদানৰ শলাগ লয়। ৰাষ্ট্ৰপতিয়ে লগতে শান্তিৰক্ষী অভিযানৰ প্ৰতি দেশৰ প্ৰতিশ্রুতিবদ্ধতা আৰু সেনাবাহিনীত লিংগ অন্তর্ভুক্তি প্ৰসাৰৰ ক্ষেত্ৰত ইয়াৰ নেতৃত্বকেন্দ্ৰিক ভূমিকাৰ বিষয়ে আলোকপাত কৰে। ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে ভাৰতে শান্তি ৰক্ষাৰ যাত্ৰাত লিংগভিত্তিক অন্তর্ভুক্তিৰ ক্ষেত্ৰত যথেষ্ট প্রগতি কৰিছে। তেওঁ লগতে মহিলা শান্তিৰক্ষীসকলে স্থানীয় সম্প্রদায়সমূহক সবল আৰু তেওঁলোকৰ মাজত আস্থা গঢ়ি তোলা বুলি মন্তব্য কৰে।
Site Admin | October 16, 2025 7:51 PM | Prez on Summit
ৰাষ্ট্ৰসংঘৰ অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনা মুৰব্বীৰ সন্মিলনত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ
