ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল’ব। শ্রীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে হোৱা আলোচনাত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ হিচাপে ভাৰতে এংগোলাৰ সৈতে সংসদীয় সহযোগিতা বৃদ্ধি কৰাৰ আশা কৰিছে বুলি উল্লেখ কৰে। তেওঁ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে নিজৰ নিজৰ অভিজ্ঞতাসমূহ পাৰস্পৰিক বিনিময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুমুৱে কালি দেশখনৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।