ব্ৰিটিছ প্ৰধানমন্ত্রী কীৰ ষ্টাৰৰ্মাৰে আজি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে গ্রীণলেণ্ডত একীকৃত দেশসমূহৰ বিৰুদ্ধে লগোৱা কৰ আপত্তিজনক আৰু বাণিজ্যিকভাৱে আৰম্ভ হ’বলগীয়া যুদ্ধকেন্দ্ৰিক পৰিস্থিতি কাৰোৰে বাবে গ্রহণযোগ্য নহয়। আজি লণ্ডনত আয়োজিত এখন সংবাদ মেলত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে সুমেৰুৰ দ্বীপসমূহৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবৰ বাবে ব্রিটেইনে সকলো ধৰণেৰে গ্ৰীণলেণ্ড আৰু ডেনমাৰ্কৰ মৌলিক অধিকাৰসমূহৰ প্ৰতি সহযোগিতা আগবঢ়াব। তেওঁ লগতে কয় যে ব্ৰিটেইনে ইউৰোপ, নেটো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে একেলগে কাম কৰাৰ প্ৰতি সদায় আগ্ৰহী আৰু ইয়াক কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিব পৰা যিকোনো ধৰণৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক সাজু। উল্লেখযোগ্য যে যোৱা শনিবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে ইংলেণ্ডকে ধৰি ৮খন ইউৰোপীয় ৰাষ্ট্ৰৰ ওপৰত ফেব্ৰুৱাৰী মাহৰ পৰা আমদানি শুল্ক আৰোপ কৰিব।
Site Admin | January 19, 2026 8:04 PM | Akashvani | Akashvani News | Donal trump
ৰাষ্ট্ৰপতি ট্রাম্পে গ্রীণলেণ্ডত একীকৃত দেশসমূহৰ বিৰুদ্ধে লগোৱা কৰ আপত্তিজনক আৰু বাণিজ্যিকভাৱে আৰম্ভ হ’বলগীয়া যুদ্ধকেন্দ্ৰিক পৰিস্থিতি কাৰোৰে বাবে গ্রহণযোগ্য নহয়ঃ ব্ৰিটিছ প্ৰধানমন্ত্রী কীৰ ষ্টাৰৰ্মাৰ