ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই তিনিটা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়, যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্রয় শিবিৰসমূহ পৰ্যায়ক্রমে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আশ্রয় শিবিৰত থকা লোকৰ সংখ্যা ৬২ হাজাৰৰ পৰা ৫৭ হাজাৰলৈ হ্ৰাস পাইছে বুলি শ্রীসিঙে জানিবলৈ দিয়ে। চূড়াচান্দপুৰ, কাংপপি জিলাত থকা প্ৰায় ৮ হাজাৰ শৰণাৰ্থীসকলক প্ৰথম পৰ্যায়ত এই মাহৰ ভিতৰতে স্বগৃহলৈ ঘূৰাই পঠিওৱা হ’ব। প্ৰতিটো পৰিয়ালকে নিজ নিজ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ৩ লাখ টকাকৈ আগবঢ়াব বুলিও মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে।

ইপিনে নিৰাপত্তা বাহিনীয়ে যোৱা ৩ জুলাইৰ নিশাৰ পৰা ৪ জুলাইৰ পুৱালৈকে মণিপুৰৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আছাম ৰাইফলছ আৰু সেনাবাহিনীয়ে টেন’পাল, কাংপপি, চাণ্ডেল আৰু চূড়াচান্দপুৰ জিলাত অভিযান চলাই ২০৩টা বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। ইয়াৰে ভিতৰত ২১টা ইনচাছ ৰাইফল, ১১টা এ কে শ্ৰেণীৰ ৰাইফল, ২৬টা এছ এল আৰ, ২টা স্নাইপাৰ ৰাইফল, ১৭টা পইণ্ট থ্রী নট থ্ৰী ৰাইফল, দুটা ৫১ মিলিমিটাৰ মৰ্টাৰ আৰু ৩০টা আই ই ডিও আছে।

অধিক পঢ়ক

সকলো চাওক