ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি নিশাৰ ভাগত শ্রীমতী মুর্মু এংগোলাত উপস্থিত হ’ব। উল্লেখযোগ্য যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হৈছে প্রথম এংগোলা আৰু বটছৱানা ভ্রমণ। ভ্ৰমণৰ সময়ছোৱাত অহা ১৩ নৱেম্বৰলৈ এংগোলা, বটছৱানা আৰু ভাৰতৰ মাজৰ বৰ্তমানৰ দ্বিপাক্ষীক সম্পৰ্কৰ বিষয়ে পর্যালোচনা চলোৱাৰ লগে নতুন নতুন দিশ হ’ব পৰা সাম্ভব্য সহযোগিতাৰ বিষয়ে আলোচনা কৰা হ’ব। বাণিজ্য, প্ৰতিৰক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু জনসম্পর্ক আদি বিভিন্ন বিষয়ত আলোচনা হোৱাৰো সম্ভাৱনা আছে। বটছৱানাৰ সৈতে চিথা প্ৰকল্পৰ অগ্রগতি সন্দর্ভতো আলোচনা হোৱাৰ কথা। ভ্ৰমণৰ সময়ছোৱাত শ্রীমতী মুর্মুৱে এংগোলাৰ ৰাষ্টপতি জোৱাও লৰেনকোৰ সৈতে দ্বিপাক্ষীক আলোচনাত মিলিত হোৱাৰ লগতে এংগোলাৰ সংসদক সম্বোদন কৰিব। তেওঁ দেশখনৰ ৫০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব। বটছৱানা ভ্ৰমণৰ সময়ত শ্রী মতী মুর্মু দেশখনৰ ৰাষ্ট্ৰপতি দুমা বোকোৰ সৈতে দ্বিপাক্ষীক স্বার্থ জড়িত বিভিন্ন বিষয়লৈ আলোচনা কৰিব।
Site Admin | November 8, 2025 8:53 PM | Prez Visit
ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা