ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা-হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীৰ সংখ্যাগৰিষ্ঠতা লাভ

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। গোৱালপাৰা জিলাৰ ১৯ টা সমষ্টিৰ ১৭টা সমষ্টিত ৰাভা-হাচং যৌথ মঞ্চ আৰু বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্রার্থীয়ে এটাকৈ সমষ্টিত জয়লাভ কৰে। জিলাখনৰ ধূপধৰা সাধাৰণ পৰিষদীয় সমষ্টিত ৰাভা হাচং যৌথ মঞ্চৰ প্ৰাৰ্থী অনাদি সৰকাৰ বিপুল ভোটত জয়ী হয়। কোঠাকুটি সমষ্টিত বিজেপি প্রার্থী ভৈৰৱ কছাৰী, দুধনৈ সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ উজ্বলা ব্রহ্ম, মাজজাখিলি সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰবোধ কলিতা, ৰংজুলি সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ মণিদীপা ৰাভা, ধনুভাঙা সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ ফণীন্দ্ৰ ৰাভা, হাব্রাঘাট সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰতাপ ৰাভা আৰু কুশধোৱা-দৰংগিৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পৰমা ৰাভাই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। দক্ষিণ দুধনৈ সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ টংকেশ্বৰ ৰাভাই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বীক হৰুৱাই পুনৰ ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদ গঠনৰ পথ প্ৰশস্ত কৰে।
কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিৰ ১০টাত ৰাভা-হাচং যৌথ সংগ্রাম সমিতি, তিনিটা সমষ্টিত বিজেপি আৰু এটা সমষ্টিত নিৰ্দলীয় প্রার্থী জয়ী হৈছে।
বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অর্জুন ছেত্রী, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা, পাণ্টানত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোৱৰ্ধনত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো, দক্ষিণ বনগাঁও সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতি ৰাভা, চানডুবিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰশ্মি মালা ৰাভা, শিলপোটা সমষ্টিত বিজেপি প্রার্থী কমলেশ্বৰ ৰাভা, বামুনীগাঁও সমষ্টিত বিজেপি প্রার্থী অজিৎ ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্রার্থী মেঘালি ৰাভা আৰু লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক জয়ী হৈছে।
উল্লেখযোগ্য যে, ৰাভা-হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৩টা সমষ্টিত এন ডি এ প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বীতাৰে জয়লাভ কৰাত ৩৩ টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।