ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অভিযান

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অভিযান চলিছে। বিজেপি, ৰাভা হাছং যৌথ সমিতি আৰু অগপই ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত নামি প্ৰচাৰ অভিযান চলাই আছে। আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই ৰাভা হাছং এলেকাত উপস্থিত হৈ আগিয়া পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী সুচিত্রা নাথৰ লগতে আন দলীয় প্রার্থীসকলৰ হৈ প্ৰচাৰ চলায়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে বিজেপিৰ সহযোগত নির্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁৱৰ ৰাজীৱ ভৱনত উপস্থিত হৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। দুয়োগৰাকী নেতাই দলীয় প্রার্থীৰ হকে প্ৰচাৰ অভিযান চলাইছে। দলটোৰ প্রার্থী আৰু সমর্থকসকলেও নিজাববীয়াকৈ প্ৰচাৰ অভিযান চলাইছে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ গ্রাম্য জিলাত ১৬টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে গোৱালপাৰা জিলাত এটা আৰু কামৰূপ জিলাৰ দুটা সমষ্টিত এন ডি এৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।