অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কালি কামৰূপ জিলাৰ বামুনীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কার্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে বকো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ছুমিত ৰাভাৰ সৈতেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।
গোৱালপাৰা জিলাতো নিৰ্বাচন হ’বলগীয়া ১৯টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীসকলে ভোটদাতাক আকর্ষিত কৰিবলৈ বিভিন্ন ধৰণেৰে চেষ্টা চলাইছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গোৱালপাৰাৰ আগিয়া সমষ্টিত আজি দলৰ প্ৰাৰ্থী সুচিত্ৰা নাথৰ হৈ প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কালি জিলাখনৰ কেইবাটাও পৰিষদীয় সমষ্টিত বিজেপি আৰু ৰাভা-হাচং যৌথ সংগ্রাম সমিতি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ৭ নম্বৰ দক্ষিণ দুধনৈত বিজেপি সমর্থিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ সঞ্জীৱ কুমাৰ ৰাভা, ভোটাৰ্ছ পাৰ্টী অব ইণ্ডিয়া দলৰ পুনম হাজোৱাৰীৰ সমানে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ১৫ নম্বৰ আগিয়া পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী সুচিত্রা নাথ, কংগ্ৰেছ প্রার্থী সোণালী সূত্ৰধৰ আৰু নিৰ্দলীয় প্রার্থী সাধনা চাংমাৰ প্ৰচাৰ অভিযানে নির্বাচনী আকর্ষণ সৃষ্টি কৰিছে। দ্বাৰকা সমষ্টিৰ নিৰ্দলীয় প্রার্থী মোদিত ৰাভাই সমষ্টিটোত তীব্ৰ প্ৰচাৰ চলাইছে। আন আন সমষ্টিসমূহতো প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। এই নিৰ্বাচনত দুয়োখন জিলাৰ মুঠ ৩৩ টা পৰিষদীয় সমষ্টিত ৯৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তিনি গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে।
উল্লেখযোগ্য যে, অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
Site Admin | March 23, 2025 12:08 PM | Bijuli Kalita Medhi
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত
