December 11, 2025 8:08 PM | RS Vande Mataram

printer

ৰাজ্য সভাত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী সন্দৰ্ভত আলোচনা

ৰাজ্য সভাত আজি বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী সন্দৰ্ভত চলি থকা আলোচনা আগবঢ়াই নিয়া হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা মঙলবাৰে এই আলোচনাৰ পাতনি মেলিছিল। আলোচনা সামৰি কেন্দ্রীয় মন্ত্রী জেপি নাড্ডাই কয়, যে বন্দে মাতৰমে দেশৰ আত্মা জনাই তুলি ভাৰতৰ বিভিন্ন সংস্কৃতিৰ মাজত সেঁতু গঢ়ি তোলে। তেওঁ লগতে কয়, যে এই ৰাষ্ট্রীয় গীতে দেশৰ প্ৰতিজন ব্যক্তিকে উৎসাহিত কৰি তোলে আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধ খুৱাই ৰখাত সহায় কৰে। শ্রী নাড্ডাই কয়, যে বন্দে মাতৰমে দেশৰ স্বাধীনতা সংগ্ৰামৰ বহুবোৰ ঐতিহাসিক ঘটনাৰ স্বাক্ষৰ বহন কৰি আহিছে। এই গীতে স্বৰাজ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্রামীসকলক যথেষ্ট উদ্বুদ্ধ কৰিছিল। বিৰোধী পক্ষৰ অভিযোগ খণ্ডন কৰি শ্ৰী নাড্ডাই কয়, যে বন্দে মাতৰমৰ আলোচনাৰ জৰিয়তে চৰকাৰে পূৰ্বৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবি স্নান কৰিবলৈ বিচৰা নাই। কিন্তু ১৯৩৭ চনত বিভিন্ন সম্প্ৰদায়ৰ হেঁচাত তেতিয়াৰ প্ৰধানমন্ত্ৰীজনে এই ৰাষ্ট্ৰীয় গীতৰ পংক্তিসমূহত সালসলনি ঘটাবলৈ বাধ্য হৈছিল। তেওঁ লগতে কয়, যে স্বাধীনতাৰ পাছৰ সময়ছোৱাত তেতিয়াৰ চৰকাৰখনে কোনোদিন এই গীতৰ প্ৰতি সম্মান প্রদর্শন কৰা নাছিল। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে, যে যোৱা দুদিন ধৰি হোৱা আলোচনাত সদনৰ ৮০ জনতকৈও অধিক সদস্যই বন্দে মাতৰমৰ আলোচনাত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্রহণে বিষয়টোৰ প্ৰাসংগিকতাকে সূচিত কৰে। তেওঁ লগতে এই গীতটিৰ জৰিয়তে বৰ্তমানৰ যুৱ প্ৰজন্মৰ অন্তৰত দেশ প্ৰেমৰ ভাব ফুটি উঠাত সহায়ক হ’ব বুলিও উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।