ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 1:19 PM | State Sports Day

printer

ৰাজ্য চৰকাৰৰ ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰিছে। ১৯৬৬ চনৰ এছিয়ান গেম্‌ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সৰুসজাই ক্ৰীড়া প্রকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হ’ব। এই অনুষ্ঠানতে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব। তদুপৰি ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটা প্ৰদান কৰা হ’ব। অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হ’ব। খেল’ ইণ্ডিয়া, ২০২৫ বৰ্ষৰ পদক বিজয়ীসকলক আর্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও প্ৰদান কৰা হ’ব। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হ’ব। ১৭ বছৰ অনুৰ্ধ ছোৱালীৰ সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থ উন্মোচন কৰা হ’ব ।
ইপিনে, ক্রীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী – সামুহিক দৌৰ এইবাৰ সৰুসজাই ক্রীড়া প্ৰকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্ৰমণ কৰি পুনৰ সৰুসজাইৰ মূল এথলেটিক ষ্টেডিয়ামত সামৰণি পৰিছে।
গোলাঘাট জিলাৰ ফৰকাটিং ক্রীড়া সন্থা আৰু বোকাখাত জিলা মাষ্টাৰ্ছ এথলেটিক ক্রীড়া সন্থাৰ উদ্যোগত আজি অভিৰুচি ক্রীড়া দিৱসৰ সমূহীয়া দৌৰ অনুষ্ঠিত হয়। এই দৌৰত বোকাখাত মাষ্টাৰ্ছ এথলেটিক সন্থাৰ লগতে নামদৈয়াং স্পর্ছ ক্লাব আৰু কেইবাটাও ক্রীড়ানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মঙলদৈত আজি নৰ্থ-মঙলদৈ ক্লাবৰ উদ্যোগত অভিৰুচি ক্রীড়া দিৱস অনুষ্ঠিত কৰা হয়। এই উপলক্ষে বক্সিং খেলুৱৈ যমুনা বড়ো, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ ক্রীড়াবিদ বিশাল ভৰদ্বাজ আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ফুটবল, কাবাড়ী আৰু খো খো খেলুৱৈ তথা ক্রীড়া সংগঠক গণেশ দত্তক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে সমূহীয়া দৌৰ ফ্লেগ অফ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।