● ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেঁতু শীর্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্রদান কৰা হৈছে। এই স্বাস্থ্য শিবিৰ সমূহত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্য মেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে কালি বিধানসভা ভিত্তিক মেগা স্বাস্থ্য মেলাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ’ব। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ’ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে আজি চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হৈছে। একেদৰে গুৱাহাটী ছেলে বিধানসভা সমষ্টিৰ বাবে ১৬ অক্টোবৰত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আৰু ডিমৰীয়া সমষ্টিৰ বাবে ২৪ অক্টোবৰত ডিমৰীয়াত এই শিবিৰ অনুষ্ঠিত হ’ব। দিছপুৰ সমষ্টিৰ বাবে ৩১ অক্টোবৰত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হ’ব।
ডিমা হাচাও জিলাৰ এন এল দাউলাগুপু ক্রীড়া প্ৰকল্পত কাইলৈ এনে ধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক চিকিৎসা সেৱা আগবঢ়াব।