অসমৰ ছটা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি প্রদান কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। মন্ত্রীগোটৰ আহ্বায়ক ডা০ ৰণোজ পেণ্ডক সমিতিৰ নেতৃবর্গই কালি সাক্ষাৎ কৰি এই সন্দৰ্ভত চূড়ান্ত আপত্তি আৰু পৰামৰ্শাবলী দাখিল কৰে। সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰীৰ নেতৃত্বত এটা সঁজাতি দলে সুহাশ চাকমাৰ অধ্যক্ষতাত গঠন কৰা পৰামৰ্শদাতা গোটৰ চূড়ান্ত আপত্তি আৰু পৰামৰ্শবলী দাখিল কৰাৰ লগতে এখন স্মাৰক পত্ৰও প্ৰদান কৰে। সমন্বয়ৰক্ষী সমিতিয়ে দাখিল কৰা এই প্রতিবেদনৰ প্ৰতিলিপি মন্ত্রীগোটৰ আহ্বায়ক ডা০ ৰণোজ পেণ্ডৰ জৰিয়তে মুখ্যমন্ত্রীলৈও প্ৰেৰণ কৰা হ’ব বুলি শ্রীখাখলাৰীয়ে জানিবলৈ দিয়ে। প্রতিবেদনখন গ্রহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলি মন্ত্রী ডা০ ৰণোজ পেগুৱে জানিবলৈ দিয়ে।
Site Admin | January 7, 2026 1:24 PM | Dr. Ranoj Pegu
ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্রত্যাখ্যান