ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩,৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩ হাজাৰ ৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিযুক্তিৰ সংখ্যা কেতিয়াবাই অতিক্রম কৰিছে। তেওঁ কয় যে নিয়মীয়া পদত ১ লাখ নিযুক্তি দিয়াৰ উপৰি ঠিকাভিত্তিক পদসমূহতো প্রার্থীক নিযুক্তি দিয়া হৈছে। তেওঁ কয় যে প্রতিশ্রুতি পূৰণৰ দিশত অগ্ৰসৰ হৈয়েই চৰকাৰখনে তিনিটা বিভাগ শিক্ষা, স্বাস্থ্য আৰু আৰক্ষী বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এই অনুসৰি দৰিদ্ৰ পৰিয়ালৰ বহু যুৱক-যুৱতীয়েও সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰাৰ ফলত পৰিয়ালসমূহে সকাহ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল আৰু প্ৰশান্ত ফুকনো উপস্থিত থাকে।

অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত ১,৯৯৮ গৰাকী, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত ৮২৮ গৰাকী, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালকালয়ৰ ৫৯২ গৰাকী আৰু আয়ুষ সঞ্চালকালয়ৰ অধীনত দুগৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ সৈতে সৰ্বমুঠ ১ লাখ ৪৫ হাজাৰ ৪৪৯ গৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে নিযুক্তি লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।