ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আজি আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত সুজাতা গগৈয়ে এই শিক্ষামূলক আৰোহণ কাৰ্যসূচী মুকলি কৰে। জিলাখনৰ ২৬৯ খন বিদ্যালয়ৰ ২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই জ্ঞান অন্বেষণ যাত্ৰাত সামৰি লোৱা হৈছে। আজিৰে পৰা অহা ১৩ আগষ্টলৈ আৰোহণ কাৰ্যসূচীৰ অধীনত আই আই টি গুৱাহাটী, এইচ গুৱাহাটী, বায়’টেক উদ্যান, শংকৰদেৱ কলাক্ষেত্ৰ, অসম ৰাজ্যিক চিৰিয়াখানা, গুৱাহাটী বিজ্ঞান গৱেষণা কেন্দ্ৰকে ধৰি বিভিন্ন স্থানত জ্ঞান অন্বেষণৰ সুযোগ প্ৰদান কৰা হ’ব।
হোজাই জিলাৰ পৰাও আজি আৰোহণ আঁচনিৰ অধীনত জিলাখনৰ বিদ্যালয়সমূহৰ পৰা বাচি উলিওৱা ৬৬ গৰাকী শিক্ষার্থী চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ আহিছে। জিনা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে। দলটোত জিনা অতিৰিক্ত আয়ুক্ত, আৰক্ষী লোক আৰু চিকিৎসককে ধৰি মুঠ ৮৪ জন লোক আছে। শিক্ষাৰ্থীসকলক গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানৰ লগতে অন্যান্য স্থানসমূহ পৰিভ্ৰমণ কৰাই জ্ঞান অন্বেষণৰ সুযোগ দিয়া হ’ব।