ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 8:47 PM | Beloved Zubeen Garg

printer

ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰে যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ শ্রাদ্ধানুষ্ঠান

জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গসহ পৰিয়ালৰ সদস্যসকলে প্রয়াত শিল্পীগৰাকীৰ চিতাভস্ম লৈ আজি যোৰহাটত উপস্থিত হয়। শিল্পীগৰাকীৰ পৰিয়ালৰ পৰা অশ্রুসিক্ত নয়নেৰে যোৰহাটৰ ৰাইজে চিতাভস্মখিনি গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্রংৰুমত নিশা চিতাভস্মখিনি ৰখা হ’ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্রাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সকলো দিশ নিৰীক্ষণ কৰে। কৰ্ণাধৰ সমিতিৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠান সুকলমে সম্পন্ন কৰিবলৈ তেওঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। প্ৰাণৰ শিল্পীগৰাকীৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ উপলক্ষে যোৰহাট ষ্টেডিয়ামত সর্বধর্ম প্রার্থনা, ভাগৱত পাঠ, দিহানামৰ লগতে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰায় দুহেজাৰ ভকত-বৈষ্ণৱে নাম প্ৰসংগত অংশ ল’ব। ইয়াৰ লগতে বহুসংখ্যক শিল্পীয়ে জুবিন গাৰ্গৰ লাইভ পেইণ্টিং কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।