ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা চৰকাৰী বেতনভোগী কৰ্মচাৰীৰ নাম কৰ্তনৰ নিৰ্দেশ দিছে

ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা চৰকাৰী বেতনভোগী কৰ্মচাৰীৰ নাম কৰ্তনৰ নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এটা নির্দেশনাযোগে ৩১ ডিচেম্বৰৰ ভিতৰত অৰুণোদয় আঁচনিৰ মাহে বিত্তীয় অনুদান লাভ কৰা অহা সকলো ধৰণৰ চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেন্সনাৰ, ঠিকাভিত্তিক কৰ্মচাৰীৰ লগতে অংগনৱাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা পর্যবেক্ষক আৰু গাঁওবুঢ়াসকলৰ নাম কৰ্তন কৰিবলৈ কৈছে। ইয়াৰ উপৰি বিশ্ববিদ্যালয়-মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়, হাইস্কুল, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক তথা অস্থায়ী কৰ্মচাৰীৰ নামো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ দিবলৈ কোৱা হৈছে। বিত্ত বিভাগৰ নিৰ্দেশনাটোত এনে চৰকাৰী বেতনভোগী কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলেও ৩১ ডিচেম্বৰৰ বাবে বাধ্যতামূলকভাৱে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিব লাগিব। অন্যথা সংশ্লিষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থাৰ উপৰি হিতাধিকাৰী হিচাপে লাভ কৰা ধনৰাশি ঘূৰাই লোৱা হ’ব বুলি সকীয়াই দিয়া হৈছে। বিত্ত বিভাগৰ সচিব নৰছিং পাৱাৰে প্ৰতিটো বিভাগলৈ নিৰ্দেশনা জাৰি কৰি নিজ নিজ বিভাগৰ কৰ্মচাৰীসকলক বিষয়টো সম্পৰ্কে অৱগত কৰিবলৈ কৈছে।