ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব

● ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ উপৰি পঞ্চম শ্ৰেণীলৈ সকলো শিক্ষার্থীকে অভ্যাসন বহী যোগানৰ নিশ্চয়তা প্ৰদান কৰে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা শিক্ষকৰ দৰমহা যাতে কোনো যটি নপৰে, তাৰবাবেও ব্যৱস্থা লোৱা হ’ব বুলি ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ লগতে ঠিকাভিত্তিক কৰ্মৰত শিক্ষকৰ সংশোধিত সাময়িক পদোন্নতিত অনুমোদন দিয়াৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, যে অহা তিনি-চাৰি দিনৰ ভিতৰত শিক্ষক বদলিৰ প’ৰ্টেল মুকলি কৰা হ’ব। প্ৰাথমিক শিক্ষকৰ বাবে সহ-পৰিদৰ্শক পদৰ সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উত্থাপন কৰা দাবী বিবেচনা কৰা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।