ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবঃ শিক্ষামন্ত্রী

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে উচ্চ প্রাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বর্ষতে উচ্চ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। ডাঃ পেগুৱে চৰ অঞ্চল হিচাপে কোনো অঞ্চল নাই বুলি উল্লেখ কৰি কয়, যে খহনীয়া নোহোৱা স্থায়ী নৈপৰীয়া অঞ্চলসমূহত বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰা হ’ব।

শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ সদস্যসকলে চৰ অঞ্চল নথকা সত্তেও কিয় চৰ অঞ্চল উন্নয়ন পৰিষদ গঠন কৰা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে। শিক্ষকবিহীন বিদ্যালয় আৰু এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত ডাঃ পেগুৱে কয়, যে ৰাজ্যত বৰ্তমান ৩ খন শিক্ষকবিহীন বিদ্যালয় আৰু দুহেজাৰ ২৯৫ খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে। বিধায়ক গগৈয়ে শিক্ষা ব্যৱস্থাৰ উন্নয়নত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ ৭ হাজাৰৰো অধিক বিদ্যালয়ত এতিয়াও স্থায়ী শিক্ষক নাই বুলিও অভিযোগ কৰে।