ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ হ’বলগীয়া বিধানসভাৰ অধিৱেশনত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰা হ’ব।

চৰাইদেউ জিলাৰ সোণাৰীত আজি টাই-আহোম ছাত্রসন্থাই এখন সংবাদমেলত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ বাবে লোৱা কেবিনেটৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। ছাত্র সংগঠনটোৱে অনতিপলমে শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত হৈ থকা চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।