ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রী ড০ শর্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্রদান কৰি ভাষণ প্ৰসঙ্গত এই কথা প্রকাশ কৰে। আজি নিম্ন প্রাথমিক বিদ্যালয়ৰ ৩,৮০০ গৰাকী আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ১৭৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্র বিতৰণ কৰা হয়। বৰ্তমান সময়ত ৰাজ্য চৰকাৰে স্বচ্ছতা আৰু মেধাসম্পন্ন লোকৰ নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ ফলত যুৱক-যুৱতীসকলৰ মাজত পঢ়া-শুনা কৰিলে চৰকাৰী নিযুক্তি পাব পাৰি বুলি আশাৰ সঞ্চাৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰ্তমান সময়ৰ নিযুক্তিৰ পৰিবেশ ৰাজ্যত পূৰ্বতে কেতিয়াও হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত শিক্ষাৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ শৰ্মাই কয় যে বর্তমান ৰাজ্যখনত শিক্ষিত যুৱক-যুৱতীৰ ভালেমান প্রয়োজন আছে। চৰকাৰী খণ্ডত সংস্থাপন নোপোৱা যুৱক-যুৱতীসকলে ব্যক্তিগত খণ্ডত নিযুক্তি পাব পৰাৰ এটা পৰিবেশ ৰাজ্যখনত সৃষ্টি হৈছে বুলি ভাষণ প্রসঙ্গত তেওঁ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যোগসমূহত নিযুক্তিৰ সুবিধা পাব পৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছতেই মন্ত্রীসভাৰ এখন কমিটী গঠন কৰি ৰাজ্যত ১ লাখ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। সেই অনুসৰি ৰাজ্যত ডাক্তৰ-নাৰ্চ, শিক্ষকৰ লগতে বিভিন্ন খণ্ডত পর্যায়ক্রমে নিযুক্তি প্রদান কৰা হৈছে। ইয়াৰ বাবে খালী থকা অথবা নতুন পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰৱৰ্তী বৰ্ষসমূহত ডেৰ লাখৰ পৰা প্ৰায় ২ লাখ নিযুক্তি দিয়াৰ প্ৰয়াস কৰা হ’ব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত উন্নত শিক্ষাৰ পৰিবেশ গঢ়ি তোলাৰ বাবে চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হৈছে। বিশেষকৈ চাহ বাগিচা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ ফলত বিগত দুই-তিনিটা বছৰত শিক্ষানুষ্ঠানসমূহলৈ পুনৰ ছাত্র-ছাত্রী উভতি আহিছে বুলি উল্লেখ কৰে। বিশেষকৈ চাহ বাগিচা অঞ্চলত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্রত ঠায়ে ঠায়ে বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু ১৬খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ভূমিকা গ্রহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে অহা ১৩ নৱেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে বাচনিভুক্ত ৭৮৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।