ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব: মুখ্যমন্ত্ৰী

● ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গক এশ শতাংশ ন্যায় দিয়া হ’ব আৰু এয়া তেওঁৰ সংকল্প। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়েও তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে চলোৱা তদন্তৰ প্ৰতিবেদন অতি সোনকালে ন্যায় পালিকাই লাভ কৰিব বুলিও তেওঁ কয়। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অতি সোনকালে এখন ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে যোৱা ১৫ অক্টোবৰত সংঘটিত ঘটনাক দুর্ভাগ্যজনক আখ্যা দিয়াৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি কয়। উল্লেখযোগ্য যে বাক্সা জিলাৰ কুৱেৰী লক্ষ্মী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১৫ অক্টোবৰত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাত আহত দুজন লোকৰ চিকিৎসাৰ বাবে ২ লাখ টকাকৈ চেক প্ৰদান কৰে। আহত দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোক এই চেক প্ৰদান কৰাৰ লগতে প্রয়োজন সাপেক্ষে দুয়োজন ব্যক্তিৰ উন্নত চিকিৎ‍সাৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্রীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বাক্সাৰ নিকাছিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ১৫ অক্টোবৰৰ অপ্রীতিকৰ পৰিস্থিতিৰ আঁৰত যদি কোনো দুষ্কৃতিকাৰী জড়িত আছে তেন্তে তেওঁলোকে শাস্তি পাবই বুলি মন্তব্য কৰিছে। এই ঘটনাত কোনো আৰক্ষী বিষয়া জড়িত থাকিলে তেওঁলোকেও শাস্তি পাব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া নাই বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছে এই তদন্ত কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আইৰ দ্বাৰা কৰিব লাগে বুলি দাবী জনাইছে। কালি এখন সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই এই দাবী জনোৱাৰ লগতে এছ আই টিৰ দ্বাৰা হোৱা তদন্তত এটা প্ৰভাৱশালী চক্ৰই বিধি পথালি দিয়াৰ সম্ভাৱনা আছে বুলি কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।