ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল’ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মহিলা উদ্যমিতা আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ২৩,৯৪৯ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এইদবে মন্তব্য কবে। ড০ শর্মাই কয়, যে বাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে গ্রহণ কৰা লাখপতি বাইদেউ, অৰুণোদয়ৰ দৰে আঁচনিসমূহৰ সুফল স্বৰূপে বর্তমান সমাজত মহিলাৰ সন্মান বৃদ্ধি পাইছে। ঘৰৰ লখিমী হিচাপে মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি মর্যাদা সহকাৰে জীবন নির্বাহ কৰিবলৈ আৰু পৰিয়ালৰ উন্নয়নত, সন্তানৰ শিক্ষা-দীক্ষাত সহযোগিতাৰ হাত আগবঢ়াবলৈ সমর্থ হৈছে বুলি তেওঁ মন্তব্য কবে। ড০ শর্মাই কয়, যে সম্প্রতি বাজ্যৰ মহিলাসকলো পৰিয়ালৰ উপার্জনৰ চালিকা শক্তিলৈও ৰূপান্তৰিত হৈছে। তেওঁ লগতে কয়, যে ‘অসমমালা’ৰ অধীনত অভয়াপুৰী সমষ্টিত ঔডুবিৰ মাজেৰে যোগীঘোপাৰ পৰা বঙাইগাঁও সংযোগী পথ, তালগুৰি-বাসুগাঁও আৰু ছহিদ বেদীৰ পৰা উত্তৰ শালমাৰা জংচন সংযোগী পথ আৰু চাৰিখনকৈ দলং নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। অতি সোনকালে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয়ৰ সেৱা আৰম্ভ হ’ব বুলি তেওঁ উল্লেখ কৰে।
Site Admin | November 23, 2025 11:41 AM | Assam CM distribute Nijut Maina Scheme
ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল’ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ