ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা ক্রীড়া বিষয়া মানসজ্যোতি দাস, ঢকুৱাখনা জিলা ক্রীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্রদীপ চমুৱা, সাধাৰণ সম্পাদক অচ্যুৎ চক্ৰধৰৰ লগতে পৌৰ আয়ুক্তসকল, বিধায়ক নৱ কুমাৰ দলে আদি উপস্থিত থাকে। একেদিনাই সদৌ অসম কেওট জাতীয় পৰিষদৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত হিতাধিকাৰীসকলৰ মাজত চিলাই মেচিন বিতৰণ কার্যসূচীও অনুষ্ঠিত হয়। অনুষ্ঠানত পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ছোনিয়া বৰগোহাঁই, হাৰ্হি মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেণ্ড, সদৌ অসম কেওট জাতীয় পৰিষদৰ লখিমপুৰ জিলাৰ সভাপতি হিৰণ্য দত্ত আদিৰ লগতে হিতাধিকাৰীসকলো উপস্থিত থাকে।
Site Admin | July 6, 2025 1:38 PM | Assam Govt | Sports & Youth Development
ৰাজ্য চৰকাৰে ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক প্ৰদান
