ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছেঃ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

নৱ নিযুক্ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছে। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কামাখ্যাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্রয়াস চলোৱা হ’ব বুলি ঘোষণা কৰে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা শ্ৰীদাসে আজি ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি দেৱীৰ আশিস লয়। তেওঁ কামাখ্যাৰ পৰ্যটনৰ প্ৰসাৰ সন্দৰ্ভত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। বাৰাণসীত থকা কাশী বিশ্বনাথ মন্দিৰ কৰিড’ৰৰ দৰেই অসম চৰকাৰে কামাখ্যা মন্দিৰৰ বাবেও এটা কৰিড’ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে বুলি মন্ত্ৰী শ্ৰীদাসে প্ৰকাশ কৰে।