ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যজুৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্রীসভাই অসম বে-চৰকাৰী শিক্ষানুষ্ঠান (মাচুল নিয়ন্ত্রণ) সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনাইছে। মন্ত্রীসভাই লগতে কয়, যে প্রাদেশিকীকৃত বিদ্যালয়- মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে ৬ শতাংশকৈ বৃদ্ধিৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে এনে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্রীসভাই অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বদলিৰ নিয়মাৱলী সংশোধনী বিধেয়কতো অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ দুর্গম আৰু সমস্যা জর্জৰ অঞ্চলত সেৱা আগবঢ়োৱা শিক্ষকসকলৰ বাবে বাধ্যতামূলক সেৱাৰ সময়ছোৱাত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্যিক মন্ত্রীসভাই ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজিম প্রেমজি বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনায়। সমাগত বিধানসভাৰ অধিৱেশনত আজিম প্রেমজি বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫ৰ খচৰা দাখিল কৰা হ’ব। কামৰূপ জিলাৰ পলাশবাৰীত এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব। একেদৰে অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইনৰ অধীনত নেবিম বিশ্ববিদ্যালয় স্থাপনতো মন্ত্রীসভাই অনুমোদন জনায়। ইপিনে মৰিগাঁও জিলাৰ জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ এটা স্থায়ী চৌহদ নিৰ্মাণৰ বাবে কেন্দ্রীয় বিদ্যালয় সংগঠনক মন্ত্রীসভাই ২৪ বিঘা মাটিৰ আৱণ্টনত অনুমোদন জনায় ৷ মন্ত্রীসভাৰ বৈঠকত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি লোকসকলৰ বাবে কাৰ্বি কল্যাণ স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে সিদ্ধান্ত লোৱা হয়।
Site Admin | November 24, 2025 9:58 AM | assam cabinet
ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা