মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় ৷
এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই টকা মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যানমূলক আঁচনিৰ কথা উল্লেখ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে মধ্যবিত্ত সকলৰ বাবে কাম কৰি আহিছে বুলিও তেওঁ কয়। জনসাধাৰণৰ সুবিধা হোৱাকৈ হাইলাকান্দি অসামৰিক চিকিৎসালয়ত এটা এম আৰ আই মেচিন সংস্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।
চেক বিতৰণ কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই পুৰণি হাস্পতাল পথত ভাৰত কেশৰী ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ এটা প্ৰতিমুর্তি স্থাপনৰ শিলান্যাস কৰে।
হাইলাকান্দিৰ পাছত তেওঁ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বজালেঙা খেল পথাৰত উদ্যমিতা আঁচনিৰ অধীনত ২০ হাজাৰৰো অধিক মহিলাক চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে এই ধন ভাল কামত বিনিয়োগ কৰিলে পৰৱৰ্তী সময়ত ৫০ হাজাৰ টকালৈকে সাহায্য লাভ কৰিব। ধলাই বিধানসভা সমষ্টিৰ ৩ হাজাৰ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। অহা ১ জানুৱাৰীৰ পৰা ছাত্ৰীসকলৰ দৰে ছাত্ৰসকলকো আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি তেওঁ কয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰাকত উদ্যোগী সৃষ্টিৰ বাবে শীঘ্ৰে এখন বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হ’ব বুলিও উল্লেখ কৰে।