ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্রাক বাজেট সমীক্ষা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন প্রাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মণিপুৰৰ ৰাজ্যপাল, গোৱা, হাৰিয়ানা, মেঘালয়, ছিকিম, দিল্লী আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী, অৰুণাচল প্ৰদেশ, মধ্যপ্রদেশ, ওড়িশা, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্ত আৰু অন্যমন্ত্ৰীসকলেও বৈঠকত ভাগ লয়।
বিত্ত মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত বৈঠকত অংশগ্ৰহণকাৰীসকলে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ভালেমান পৰামৰ্শ আগবঢ়োৱা বুলি প্ৰকাশ কৰা হৈছে। কেইবাগৰাকীও অংশগ্ৰহণকাৰীয়ে অধিক আৱণ্টনৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনি অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে। ২০২০-২১ বৰ্ষৰ পৰা চৰকাৰে এই আঁচনিৰ অধীনত ৰাজ্যসমূহলৈ ৫০ বছৰৰ বাবে বিনামূলীয়া ঋণ হিচাপে ৪ লাখ ২৫ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সকলো অংশগ্ৰহণকাৰীকে বাজেট প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকৰ পৰামৰ্শসমূহৰ কথা বিবেচনা কৰা হ’ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিৱেশন অহা ২৮ জানুৱাৰীত আৰম্ভ হ’ব।