ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পর্যালোচনা বৈঠক

দেশৰ উৎপাদনকাৰী আৰু উপভোক্তা ৰাজ্যসমূহত দেখা দিয়া সামগ্ৰীৰ মূল্যৰ ব্যৱধান দূৰ কৰিবলৈ যাতায়াত আৰু মজুতকৰণৰ ব্যয় চৰকাৰে বহন কৰিব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কৃষি খণ্ড আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বিকাশৰ হাৰ ৩ দশমিক ৫ শতাংশৰ পৰা ৪ শতাংশৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত প্ৰায় ৩ লাখ ৪৬ হাজাৰ কোটি টকা ১১ কোটি কৃষকৰ মাজত ১৮ টা কিস্তিত বিতৰণ কৰা হৈছে।
শ্রী চৌহানে কয় যে কিষাণ ক্রেডিট ব্যৱস্থাৰে কম সুদৰ হাৰত ঋণৰ ব্যৱস্থাকে ধৰি ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষি খণ্ডত নিৰন্তৰ অগ্ৰগতি অব্যাহত আছে আৰু ইয়াৰ বাবে মন্ত্ৰালয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ কয়। ৰাসায়নিক সাৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ ফলত হোৱা ভূমিৰ ক্ষতিৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে আন এটা অভিযান ৰূপায়ন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।