অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে। অতিৰিক্ত বিত্তীয় বোজা নোহোৱাকৈ প্রয়োজনীয় ব্যৱস্থাৰ যুক্তিসংগত ব্যৱহাৰেৰে প্ৰাথমিক শিক্ষাক উন্নতমানৰ কৰাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দর্ভত এটা নির্দেশ জাৰি কৰিছে। নির্দেশটোত উল্লেখ কৰা অনুসৰি কামৰূপ জিলাৰ ১০খন, লখিমপুৰৰ ১০খন, শিৱসাগৰৰ ১০খন, বৰপেটাৰ ৬খন, মাজুলীৰ ৭খন, কাছাৰৰ ৫খন, হাইলাকান্দিৰ ৫খন, শ্রীভূমিৰ ৪খন, ডিব্ৰুগড়, গোৱালপাৰা, গোলঘাট, হোজাই, যোৰহাট, নগাঁও আৰু নলবাৰীৰ এখনকৈ, বিশ্বনাথ, শোণিতপুৰ আৰু বঙাইগাঁৱৰ দুখনকৈ আৰু দৰং, চৰাইদেউ, ধেমাজি, ধুবুৰী, মৰিগাঁও আৰু তিনিচুকীয়া জিলাৰ এখনকে বিদ্যালয়ৰ একত্ৰিকৰণ কৰা হ’ব। বিদ্যালয়সমূহৰ একত্ৰিকৰণৰ পৰিপ্ৰেক্ষিতত কোনো অতিৰিক্ত পদ সৃষ্টি কৰা নহয় বুলি নির্দেশটোত উল্লেখ কৰা হৈছে।
Site Admin | January 3, 2026 1:50 PM | School Unity
ৰাজ্যৰ ৯১খন নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ