ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্রত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে আফ্রিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা ১৬ নবেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংস বিক্ৰীৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছিল। শেহতীয়াকৈ নমুনা পৰীক্ষাত আফ্রিকান SWINE FEVER ঋণাত্মক হোৱাত মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। অৱশ্যে আন্তঃ জিলা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে, বহিঃৰাজ্যৰ পৰা চাৰ্টিফাইড গাহৰি সৰবৰাহ কৰিব পাৰিব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
SWINE FEVER-ৰ প্ৰাদুৰ্ভাৱৰ ফলত এই জিলাসমূহত ব্যাপক হাৰত গাহৰি নিধন কৰাৰ ফলত গাহৰি পালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়। ধেমাজি জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত জিলা প্রশাসনে পূৰ্বে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰাত গাহৰি পালকসকলে সকাহ পাইছে। এই সন্দর্ভত জিলা প্রশাসনে কালি আন এখন জাননীযোগে ব্যৱসায়ীসকলে বজাৰত পুনৰ গাহৰি মাংস বিক্ৰী কৰিব পাৰিব বুলি জনোৱা হৈছে।