ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 23, 2024 6:10 PM | Assam Bye-Election

printer

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্রক্ষেপিত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত আজি মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্ৰী পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে ভালেকেইজন সাংসদ আৰু বিধায়ক উপস্থিত থাকে। এই উপলক্ষে বিজেপিৰ এটা জনসমাৱেশত মন্ত্ৰী শ্ৰী হাজৰিকাই ৰাইজক বিজেপিৰ প্ৰাৰ্থীৰ্গৰাকীক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে কাইলৈ আৰু চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাই পৰহিলৈ মনোনয়ন পত্ৰ দাখিল কৰিব।
ইফালে, বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী প্রদানক লৈ হোৱা মতানৈক্যৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা আজি পদত্যাগ কৰিছে। কংগ্ৰেছে চিদলী বিধানসভা সমষ্টিৰ কাৰণে প্ৰক্ষেপ কৰা প্ৰাৰ্থী সঞ্জীৱ ওৱাৰিয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে কাজলগাঁৱৰ বৈসুন গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত কংগ্ৰেছ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত এখন সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সমষ্টিটোত উপ- নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবৰ বাবে ইতিমধ্যে ৭ জন লোকে মনোনয়ন পত্র দাখিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।