ৰাজ্যৰ ২৭ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা চলি আছে। ২১৯২০ খন গাঁও পঞ্চায়ত, ২১৯১ খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ৩৯৭টা সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাবে জয়লাভ কৰিছে। যোৱা ২ মে’ আৰু ৭ মে’ত ৰাজ্যৰ ২৫ হাজাৰ ৭টা কেন্দ্ৰত বেলটযোগে পঞ্চায়ত নির্বাচন অনুষ্ঠিত হয়।
ভোটগণনাৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনসমূহে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। কামৰূপ জিলাত পুৱা ৮ বজাৰ পৰা তিনিটা স্থানত ভোটগণনা আৰম্ভ হৈছে। পুৱা ৭ বজাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ষ্ট্ৰং ৰুম খোলা হয় তাৰ পাছতে বেলট পেপাৰ গণনা কৰা হৈছে। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৰঙিয়া সমজিলাত তিনিটাকৈ অস্থায়ী ভোটগণনা কেন্দ্র স্থাপন কৰা হৈছে। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত ১৫টা, জিলা আয়ুক্তৰ কাৰ্যালয়ত ৯টা আৰু ৰঙিয়া সমজিলাত ৪টা কক্ষত ভোটগণনা চলি আছে। ভোটগণনা প্ৰক্ৰিয়াৰ বাবে প্ৰাধিকৃত বিষয়া, পর্যবেক্ষক, ভোটগণনা সহায়কে ধৰি ১৪৫০ গৰাকী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাৰ ধেমাজি মহাবিদ্যালয়ৰ চৌহদ আৰু জোনাই সমজিলাৰ কাৰ্যালয়ত ভোটগণনা চলি আছে।
লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনা চলি আছে। জিলাখনৰ ১৫খন জিলা পৰিষদ, ৬০ খন আঞ্চলিক পঞ্চায়ত আৰু ৫৭৪টা ৱাৰ্ড সদস্য পদৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনা ১৫টা গণনা কক্ষত কৰা হৈছে।
Site Admin | May 11, 2025 11:13 AM | assam panchayat election
ৰাজ্যৰ ২৭ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে
