শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ইতিপূৰ্বে পলিঅ’ প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হয়৷
গোৱালপাৰা জিলাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা প্ৰতিষেধক বিষয়াই জনোৱা মতে, ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ ১ লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। জিলাখনৰ ৯১৯ টা কেন্দ্ৰত আজি প্ৰতিষেধক প্ৰদান কৰা হয়। আজি প্ৰতিষেধক প্ৰদানৰ পৰা বাদ পৰি যোৱা শিশুসকলক কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকর্মীসকলে ঘৰে ঘৰে গৈ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। দক্ষিণ শালমাৰা মানকাচৰতো আজি পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত ১০৭৮ গৰাকী স্বাস্থ্যকর্মীয়ে প্ৰতিষেধক প্ৰদান কৰে। জিলা খনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এই কাৰ্যসূচী মুকলি কৰে। মুঠ ৮০ হাজাৰ শিশুক এই অভিযানৰ জৰিয়তে সামৰি লোৱা হ’ব। কোকৰাঝাৰ জিলাতো আজিৰে পৰা উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত পলিঅ’ প্ৰতিষেধক দিয়া হৈছে। এই অভিযান পৰহিলৈকে অব্যাহত থাকিব। ওদালগুৰি জিলাতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই অভিযানৰ অধীনত ১৪ অক্টোবৰ পৰ্যন্ত জিলাখনৰ ১ লাখ ৬ হাজাৰ ৪৬৭টা শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হব। চিৰাং জিলাত আজিৰে পৰা এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। ১৪ অক্টোবৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৪০০টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ’ব। জিলাখনৰ ৬০,২৪৬ টি শিশুক এই প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনত তিনিদিনীয়াকৈ উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৫ বছৰ বয়সৰ তলৰ সকলো শিশুক দুটোপালকৈ পলিঅ’ প্ৰতিষেধক প্ৰদানৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলাখনৰ পৰিয়াল কল্যাণ শাখাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা কমলাকান্ত শৰ্মাই প্ৰকাশ কৰা মতে জিলাখনত ১ লাখ ৩৮ হাজাৰ ৭৬৩টা শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব। তদুপৰি ৫৩টা ভ্ৰাম্যমান প্রতিষেধক প্রদানকাৰী দলে দুর্গম আৰু যাতায়াতৰ অসুবিধা থকা স্থানলৈ গৈ প্ৰতিষেধক প্ৰদান কৰিব ।
Site Admin | October 12, 2025 7:12 PM | polio Drop
ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ