শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰথমদিনা প্রায় ৬৫ শতাংশ শিশুক পলিঅ’ দিয়া হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত এহেজাৰ ৭৮ গৰাকী স্বাস্থ্যকর্মীয়ে ৫১ হাজাৰ ৭২৮ টি শিশুক প্রতিষেধক প্রদান কৰে। জিলাখনৰ মুঠ ৮০ হাজাৰ শিশুক এই অভিযানৰ জৰিয়তে সামৰি লোৱা হৈছে। ওদালগুৰি জিলাত এই অভিযানৰ অধীনত কাইলৈ পৰ্যন্ত এক লাখ ছহেজাৰ ৪৬৭ টি শিশুক পলিঅ’ প্রতিষেধক প্ৰদান কৰা হ’ব। চিৰাং জিলাত ৬০ হাজাৰ ২৪৬ টি শিশুক এই প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৫ বছৰ বয়সৰ তলৰ এক লাখ ৩৮ হাজাৰ ৭৬৩টা শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব। তদুপৰি ৫৩টা ভ্ৰাম্যমান প্রতিষেধক প্রদানকাৰী দলে দুর্গম আৰু যাতায়াতৰ অসুবিধা থকা স্থানলৈ গৈ প্ৰতিষেধক প্ৰদান কৰিব।