ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী ড০ শর্মাই আধাৰকাৰ্ড নথকা লোকসকলক ছেপ্তেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হ’লে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰকাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি তেওঁ কয়। ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত আধাৰকাৰ্ডৰ সুবিধা লৈ ভাৰতীয় নাগৰিক হ’ব নোৱাৰে তাৰ বাবে অসম মন্ত্রীসভাই এই সিদ্ধান্ত গ্রহণ কৰে।
উৰিয়ামঘাটৰ উচ্ছেদিত ১২ হাজাৰ বিঘা ভূমিত গছপুলি ৰোপণ কৰা হ’ব। অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ প্ৰায় ৩ লাখ ১৫ হাজাৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভৱিষ্যতৰ ১০টা গুৰুত্বপূৰ্ণ খণ্ডত শিক্ষাৰ্থীসকলকৰ দক্ষতা বিকাশৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অভিযানৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে।
সংকটৰ সময়ত ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চিকেন নেক অর্থাৎ উত্তৰ-পূবক দেশৰ মূল ভূ-খণ্ডৰ সৈতে সংযোগ কৰা উত্তৰ বংগৰ ঠেক অংশৰ আশ-পাশৰ লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰা ষড়যন্ত্ৰ চলি আছে। অনাগত ২০ বছৰ অসমৰ বাবে জটিল সময় বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। ড০ শৰ্মাই লগতে কেন্দ্রীয় মন্ত্রীসভাই গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান আই আই এম স্থাপনত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়।