ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক বৰ্তমান বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। এই বানত ৰাজ্যখনৰ এহেজাৰ ৪০০ ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪১ হাজাৰতকৈ অধিক লোকে ১৭৫ টা আশ্রয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰে’ল আৰু ফেৰী সেৱা ব্যাহত হৈ থকাৰ বাতৰি পোৱা গৈছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ অধিকাংশ অঞ্চলত পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলী বতৰা দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ হাইলাকান্দি জিলাৰ কালীনগৰ, পাঁচগ্রামকে ধৰি কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে লগতে তাৎক্ষণিকভাৱে সাহায্য বিতৰণত সহায় হোৱাকৈ বানত ক্ষতিগ্রস্ত লোকসকলক তেওঁলোকৰ বেংকৰ সবিশেষ আৰু আন প্ৰয়োজনীয় তথ্যসমূহ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। ড° শৰ্মাই এই সময়ছোৱাত হ’ব পৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আগতীয়া সাৱধানতা হিচাপে আশ্রয় শিবিৰত চিকিৎসা প্রদানকাৰী দলৰ ব্যৱস্থা কৰাৰ উপৰি অন্যান্য যাৱতীয় সুবিধাসমূহ প্ৰদান কৰাটো নিশ্চিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শ্ৰীভূমি জিলাতো আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বন্যার্তসকলৰ সমস্যাৰ বুজ লয়।
ইপিনে ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে পবিতৰা অভয়াৰণ্যৰ ৭০ শতাংশ বনাঞ্চলৰ বুৰাই পেলাইছে। অভয়াৰণ্যখনৰ টুপলুং হাঁহচৰা, পাগলাডুবা, হাদুক, শিলডুবিকে ধৰি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগ আৰু অন্যান্য সংস্থাই বন্য প্রাণীসমূহৰ খাদ্যৰ অভাৱ নহ’বৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি চোৰাং চিকাৰীয়ে যাতে এই সময়ত সুযোগ লব নোৱাৰে তাৰ বাবেও চোকা দৃষ্টি ৰাখিছে।