ৰাজ্যৰ ১৪ খন জিলাৰ আয়ুক্তৰ সাল-সলনি কৰা হৈছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাট্টাৱনক তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপনীল পালক কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ দায়িত্ব অর্পণ কৰা হৈছে। আৰণ্যক শইকীয়াক কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে। শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গক কাছাৰলৈ আৰু কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰলৈ বদলি কৰা হৈছে। একেদৰে, ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ আৰু বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদ্বীপ পাঠকক ধুবুৰীৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তক কাৰাগাৰৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব দিয়া হৈছে। ইপিনে, দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাটৰ জিলা আয়ুক্ত দায়িত্ব অর্পণ কৰা হৈছে। তামুলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীক কোকৰাঝাৰৰ জিলা আয়ুক্ত দায়িত্ব অর্পণ কৰা হৈছে। কোকৰাঝাৰৰ জিলা আয়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনক বিত্ত বিভাগৰ যুটীয়া আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে, পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া আয়ুক্ত ছিমি কৰণক তামুলপুৰৰ আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে।
Site Admin | December 25, 2025 7:21 PM | Assam Govt. Administrative
ৰাজ্যৰ ১৪ খন জিলাৰ আয়ুক্তৰ সাল-সলনি