ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 12:25 PM | ISRO Visit

printer

ৰাজ্যৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ISRO ভ্ৰমণৰ বাবে ৰাওনা

ৰাজ্যৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আজি বেংগালুৰুত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ISRO ভ্ৰমণৰ বাবে ৰাওনা হৈছে। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ এক্সপ’জাৰ টুৰৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত বছা বছা মুঠ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাৰিদিনীয়া মহাকাশ গৱেষণা সংস্থা ভ্ৰমণৰ বাবে লৈ যোৱা হৈছে। ইয়াৰ জৰিয়তে তেওঁলোকক মহাকাশ বিজ্ঞান সম্পৰ্কীয় জ্ঞান আৰু বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই ভ্রমণকালত ছাত্ৰ-ছাত্ৰীসকলে ইছৰ’ৰ বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। আমাৰ দৰঙৰ সংবাদদাতাই জনোৱা মতে এই দলটোত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ দুজন ছাত্ৰ জিৎ‍ কমন কলিতা আৰু ধনজিৎ হাজৰিকাৰ লগতে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী হিমা ডেকাও আছে। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উপাসনা গোস্বামীয়ে ছাত্র-ছাত্ৰীৰ দলটোক নেতৃত্ব দিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।