অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিধায়ক তৰংগ গগৈয়ে এই শিবিৰ উদ্বোধন কৰে। এই স্বাস্থ্য শিবিৰত সমষ্টিটোৰ ২৩৮ খনৰো অধিক বিদ্যালয় আৰু ৩০০টা অংগনৱাড়ী কেন্দ্ৰৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জিলাখনত অহা ২৫ অক্টোবৰত টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২৭ অক্টোবৰত খোৱাঙৰ কুটুহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৩০ অক্টোবৰত দুলীয়াজান বিহুতলীত অন্তিমটো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব।
ওদালগুৰি জিলাৰ টংলা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতম মাধ্যমিক বিদ্যালয়ত পৰহিলৈ বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে ।
ৰাজ্যজুৰি অনুষ্ঠিত শুশ্রূষা সেতু শীর্ষক এই শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰকিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। কালি পর্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ডিমা হাচাও জিলাৰ এন এল দাউলাগুপু ক্রীড়া প্ৰকল্পত আজি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
 
									 
		 
									