ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 8:33 PM | Sushrusa Setu

printer

ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰা হয় ৷
হোজাই জিলাৰ লংকা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি লামডিং বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা শিশু আৰু কিশোৰ-কিশোৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি ঔষধ যোগান ধৰা হয় ৷
গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আগিয়াৰ জে এন মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কৰা বৃহৎ স্বাস্থ্য শিবিৰত ১৮ বছৰ তলৰ শিশু আৰু বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন এই শিবিৰত গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
দৰং জিলাৰ মঙলদৈৰ দাহি বালিকা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দ্বিতীয়টো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত গুৱাহাটী আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ২১ গৰাকী বিশেষজ্ঞ চিকিৎসককে ধৰি ৫১ গৰাকী চিকিৎসকে বিভিন্ন ৰোগ চিনাক্তকৰণৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। জিলাখনৰ তৃতীয় তথা অন্তিমটো শিবিৰ ছিপাঝাৰ সমষ্টিৰ বাবে মুকলি কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।