ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলি এহেজাৰ ৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা আৰম্ভ কৰি ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে সত্ৰ সংস্কৃতিক সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। বিগত বিধানসভাতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ সিদ্ধান্ত লৈছে। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতা তথা প্ৰয়োজনত সত্ৰলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ক্ষমতা থাকিব। সত্ৰ আয়োগে ৰাজহ আদালতৰ দৰে কাম কৰি যাব। সত্ৰৰ মাটি দখল হলে আয়োগক অভিযোগ দিব পাৰিব আৰু সত্ৰ আয়োগে বেদখল মাটিৰ উচ্ছেদৰ অনুমতি দিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনা প্ৰদত্ত এই সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা ভকতসকলে আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৰিহণা যোগাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। উদাসীন ভকতলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বিত্তীয় সাহায্য সন্দৰ্ভত মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে সন্তুষ্টি প্ৰকাশ কৰে।