September 7, 2024 7:40 PM | Bhupen hazarika

printer

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হ’ব

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত কাইলৈ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হ’ব। এই উপলক্ষে জালুকবাৰী সমাধিস্থলিত পুৱা স্মৃতি তৰ্পণ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস পালন কৰা হ’ব। সদৌ অসম ছাত্র সন্থায়েও শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে দীঘলীপুখুৰী পাৰত উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ইফালে তেজপুৰতো এই উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে।